শৰতৰে এটি [Xorotore Eti] lyrics
Songs
2025-02-13 18:17:00
শৰতৰে এটি [Xorotore Eti] lyrics
শৰতৰে এটি
সেমেকা ৰাতি
শুনিছাে নিয়ৰ ৰুজুন (2x)
লিখিব খুজি
থমকিহে ৰ’ও
বাৰে বাৰে
কবিতা প্ৰেমৰ
শৰতৰে এটি
সেমেকা ৰাতি
শুনিছাে নিয়ৰ ৰুজুন
মাজ নিশা মােৰ
মনৰ কোঠালিত
কোনে আহি টুকুৰিয়ালে
মনৰ ভাৱনা
নিৰৱে আহি
কোনেনাে যতি পেলালে
বুজিব খুজিও
বুজিব পৰা নাই
এইয়া দিঠক নে সপােন
শৰতৰে এটি
সেমেকা ৰাতি
শুনিছাে নিয়ৰ ৰুজুন
হঠাতে দেখু
চকামকাকৈ
এখনি আচঁল উৰিলে
আউল লগা মােৰ
মনৰ ভাৱনাই
এটি যেন দিশা পালে
কলম তুলি লৈ
লিখি পেলালাে
নিগৰি ওলাল অনুভৱ
শৰতৰে এটি
সেমেকা ৰাতি
শুনিছাে নিয়ৰ ৰুজুন (2x)
লিখিব খুজি
থমকিহে ৰ’ও
বাৰে বাৰে কবিতা প্ৰেমৰ
শৰতৰে এটি
না..না..
শুনিছাে নিয়ৰ ৰুজুন
- Artist:Zubeen Garg
- Album:King